কাইলৈ পুনৰ ইণ্টাৰনেট বিড়ম্বনাৰ বাবে সাজু হওক আপুনি।

DY365
DY365
Published: September 28,2024 07:29 PM
DY365

Story highlights

কাইলৈ পুনৰ ইণ্টাৰনেট বিড়ম্বনাৰ বাবে সাজু হওক আপুনি।

২৮ ছেপ্তেম্বৰ,২০২৪-   কাইলৈ পুনৰ ইণ্টাৰনেট বিড়ম্বনাৰ বাবে সাজু হওক আপুনি। 



কাইলৈ পুনৰ ইণ্টাৰনেট বিড়ম্বনাৰ বাবে সাজু হওক আপুনি। ৮ ঘণ্টাৰ বাবে আপুনি কাইলৈ নাপাব মবাইল ইণ্টাৰনেট সেৱা।পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ  ইণ্টাৰনেট সেৱা কৰ্তন কৰিব চৰকাৰে । ADREৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। কাইলৈ যিহেতু দুটাকৈ পৰীক্ষা অনুষ্ঠিত হব, সেই বাবে ৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হ’ব। ইণ্টাৰনেট কৰ্তনৰ ফলত  
কাইলৈ পুনৰ অচল হ’‍ব অনলাইন কেব, ফুড ডেলিভাৰী, Gpay, PhonePeৰ দৰে সকলো UPI ব্যৱস্থাও। 
উল্লেখ্য যে ৰাজ্যত তৃতীয় বৰ্গত অৱতীৰ্ণ হ’ব মুঠ ৫,২৯,৯৮৯ গৰাকী। কাইলৈ তৃতীয় বৰ্গৰ স্নাতক ADRE ৰ লিখিত পৰীক্ষা। নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত হব ADRৰ পৰীক্ষা। নতুন SOPৰে পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীয়ে। ৰাজ্যত কাইলৈ তৃতীয় বৰ্গত অৱতীৰ্ণ হ’ব মুঠ ৭,৩৪০৮০ গৰাকী। ডিগ্ৰী উত্তীৰ্ণ ৪,০৫৫ টা পদ আৰু ৪১৭টা চালকৰ পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। ২৭খন জিলাৰ ৮২২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
সেয়ে দেওবাৰে পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ সমগ্ৰ ৰাজ্যতে কৰ্তন হ’ব ইণ্টাৰনেট। এই সময়ছোৱাত ম’বাইল ইণ্টাৰনেট, ম’বাইল ৱাইফাই আৰু ম’বাইল ডাটা বন্ধ থাকিব ।
অৱশ্যে ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনা যোগে এই কথা জানিবলৈ দিছে।


Related

TWITTER

FACEBOOK